Tuesday, 5 May 2020

গৰুবিহু আৰু আমাৰ দায়িত্ব('goru bihu' and our resposibilities)

#গৰু_বিহু_আৰু_আমাৰ_দায়িত্ব 
ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল তথা আধ্যাত্মিক জগতৰ লগত জড়িত থকা গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। প্ৰতিদিনেই গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰা হয় যদিও সেইদিন বিশেষ ভাৱে গো-ধনক সেৱা কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু-গাই'ক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱায় আৰু ‘চাট’ (ত্ৰিশূলাকৃতি বাঁহৰ মিহি শলা)ত সিঙি নিয়া.. লাউ, বেঙেনা, কেৰেলা, থেকেৰা, হালধি আদি গালৈ দলিয়াই এইদৰে গোৱা হয়-

“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।”

এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু চাটত থকা অৱশিষ্ট লাউ-বেঙেনাৰে চাটবিলাক আনৰ লগত সলনাসলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থোৱা হয়। চাটত ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই এটা আধ্যাত্মিক মনোভাৱেৰে ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি এক পৰম্পৰাগত জন বিশ্বাস আছে। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি পিঠা-পনা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘাৰ উপহাৰ দিয়া হয়। তাৰ পিছত মাখিয়তীৰ পাতেৰে বিচি দি এইদৰে গোৱা হয়-“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত।” এনে কৰিলেও বছৰটোলৈ মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি বুলি জনবিশ্বাস আছে। লগতে আমাৰ সমাজত সেইদিনাৰ পৰাহে বিচনীৰ ‘বা’ লোৱা নিয়ম।

সম্প্ৰতি, আজিৰ দিনত ৰাজনীতিৰ পাকচক্ৰত পৰি বহু জনে গো-ধনক সাঙুৰি ইতিকিং সূচক মন্তব্য কৰা শুনা যায়.. যিটোৱে আমাৰ পৰম্পৰাৰ আধ্যাত্মিক সত্তাটোক আঘাতদি আহিছে। ফলত সমাজৰ এচামে গো-হত্যা, অবৈধ গৰু-সৰবৰাহ আদি কৰিবলৈ সাহস পাই আহিছে।

॥ধন্যবাদ॥

Saturday, 25 April 2020

the smell of arunachal,s hills

Likabali,arunachal pradesh
13 november,2019

a room can be dark because you closed the windows ,youhave closed the curtains, but the sun is shining outside ,the fresh air is in outside to enjoy the fresh air and sunshine you have to open the window open the door and draw the curtains apart
  love nature because nature is your home your mom your teacher your food your everything

গৰুবিহু আৰু আমাৰ দায়িত্ব('goru bihu' and our resposibilities)

#গৰু_বিহু_আৰু_আমাৰ_দায়িত্ব  ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল তথ...